চীনত উৎপন্ন HMPV ভাইৰাছৰ উপস্থিতি ভাৰততো ধৰা পৰিছে। কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুত দুটি HMPV ভাইৰাছ আক্ৰান্ত ৰোগী ধৰা পৰা বুলি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) নিশ্চিত কৰিছে। জ্বৰত আক্ৰান্ত হোৱাৰ পিছত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি উল্লেখ কৰা হৈছে।এই ভাইৰাছত আক্ৰান্ত হয় বিশেষকৈ ৫ বছৰৰ তলৰ শিশু। সম্প্ৰতি চীনত এই ভাইৰাছে সৃষ্টি কৰিছে ভয়াৱহতাৰ। এনে পৰিস্থিতিত ভাৰততো এই ভাইৰাছক কেন্দ্ৰ কৰি সতৰ্কতা বৃদ্ধি পাইছে। এই ভাইৰাছবিধৰ নাম হিউমেন মেটাপনিউমোভাইৰাছ (human metapneumovirus), চমুকৈ HMPV। ক’ভিডৰ দৰেই এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ দেহত জ্বৰ, কাহ, চৰ্দি, উশাহ-নিশাহ লোৱাত অসুবিধা আদি লক্ষণ দেখা যায় বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি, বাংগালুৰুত এটি আঠ মহীয়া শিশু আৰু এটি তিনি মাহৰ শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। ভাইৰাছত আক্ৰান্ত তিনি মহীয়া কন্যা শিশুটিক অৱশ্যে চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জানিব পৰা গৈছে।ৰকাৰে লগতে HMPV ৰোগীৰ পৰীক্ষা কৰা লেবৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলিও উল্লেখ কৰিছে। ভাৰত চৰকাৰে নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলক এই বিষয়ত চকু ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। Share this:FacebookX Related Post navigation প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’ব বিৰাছত হেণ্ডলুম এক্সপ’ ছুপাৰহিৰো বাৰ্ষিক প্লেনৰ সৈতে ডিজিটেল খণ্ডত সমৃদ্ধিৰ লক্ষ্য ভি-ৰ