অসমীয়া সংগীত জগতৰ মহীৰূহ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত তেওঁৰ অপূৰ্ণ সপোন আৰু সৃষ্টিৰাজিক জীয়াই ৰখাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে শিল্পীগৰাকীৰ পৰিয়ালে। জুবিন গাৰ্গৰ আদৰ্শক সাৰোগত কৰি আৰু তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজি সংৰক্ষণৰ লক্ষ্যৰে গঠন কৰা হৈছে ‘জুবিন গাৰ্গ ন্যাস’। শুক্ৰবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহত আয়োজিত এক সংবাদমেলত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই বিশেষ ন্যাস গঠনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সংবাদমেলত গৰিমা শইকীয়া গাৰ্গে অতি আবেগিকভাৱে কয় যে জুবিন গাৰ্গ শাৰীৰিকভাৱে আঁতৰি গ’লেও তেওঁৰ সৃষ্টিৰাজিৰ মাজত তেওঁ চিৰদিন অসমীয়াৰ প্ৰাণে প্ৰাণে থাকিব। উল্লেখযোগ্য যে, জুবিনৰ সপোনৰ খাৰঘূলিৰ ঘৰটো সমাজৰ মংগলৰ বাবে দান কৰাৰ সিদ্ধান্ত লৈছে পৰিয়ালে। এই ঘৰটোৱেই হ’ব ন্যাসৰ মূল কাৰ্যালয়, য’ৰ পৰা সমাজসেৱা, সংস্কৃতি আৰু প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন কাম-কাজ চলোৱা হ’ব। এই ন্যাস পৰিচালনাৰ দায়িত্বত থাকিব জুবিনৰ খুড়া মনোজ বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ঘনিষ্ঠ বন্ধু গৌতম শৰ্মা। জুবিন ফেন ক্লাৱেও এই মহান কাৰ্যত ন্যাসক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। অন্যহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক প্ৰক্ৰিয়া সম্পৰ্কেও গৰিমাই সংবাদমেলত আলোকপাত কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতৰ কৰিবলৈ চৰকাৰে ফাষ্টট্ৰেক আদালত গঠনৰ যি আবেদন জনাইছে, তাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তদুপৰি, জুবিনৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ ৰাজ্যিক জি এছ টিৰ ২ কোটি ৯০ লাখ টকা ৰাজ্য চৰকাৰে ‘কলাগুৰু ফাউণ্ডেচন’লৈ হস্তান্তৰ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। জুবিনৰ আদৰ্শৰে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে কাম কৰি যোৱাৰ সংকল্পৰে এই ন্যাস আগুৱাই যাব বুলি পৰিয়ালে দৃঢ়তাৰে প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation মনৰেগা বন্ধৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ হুংকাৰ! জনতাৰ কাষলৈ যাবলৈ ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ‘সংগ্ৰাম’ জ্ঞানসমৃদ্ধ সমাজ গঢ়াত কিতাপৰ ভূমিকা অপৰিসীমঃ যুৱপ্ৰজন্মক অধ্যয়নৰ সোৱাদ ল’বলৈ আহ্বান সোণোৱালৰ