একেখন ছাদৰ তলত এটা পৰিয়াল হৈ কটোৱা দীৰ্ঘদিনীয়া যাত্ৰাৰ যেন এক কৰুণ অথচ অপূৰ্ব সমাপ্তি ঘটিল ৰাজস্থানৰ এখন গাঁৱত। চিকাৰ জিলাৰ নিমকাথানা মহকুমাৰ ভূদোলী গাঁৱত দেওবাৰে এক মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোকে শোকাহূত কৰে। একেটা পৰিয়ালৰে দুই জাৰ মাজত থকা অপৰিসীম স্নেহ আৰু আত্মিক সম্পৰ্কৰ এক চৰম নিদৰ্শন দাঙি ধৰি সৰু জাৰ মৃত্যুৰ শোক সহিব নোৱাৰি বৰ জায়েও মৃত্যুক সাৱটি লয়। পৰৱৰ্তী সময়ত দুয়োগৰাকীৰে অন্তিম সংস্কাৰ একেখন চিতাৰ ওপৰতে সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ৮৫ বছৰীয়া পতাসী দেৱীৰ শনিবাৰে আকস্মিক মৃত্যু হৈছিল। এই খবৰে ৮৮ বছৰীয়া বৰ জা মালী দেৱীক গভীৰ মানসিক আঘাত দিয়ে। সৰু জাৰ বিয়োগৰ শোক সহিব নোৱাৰি মালী দেৱীৰো কিছু সময়ৰ পাছতে মৃত্যু হোৱা বুলি পৰিয়ালে কয়। দেওবাৰে দুয়োগৰাকীৰে একত্ৰিত অন্তিম যাত্ৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি গাঁৱৰ প্ৰতিগৰাকী লোকৰে চকু সেমেকি উঠে। গাঁৱৰ ৰাইজে কয় যে, দুই জাৰ মাজত থকা গভীৰ আত্মীয়তা আৰু পাৰিবাৰিক স্নেহ সমগ্ৰ অঞ্চলটোৰ বাবে এক উদাহৰণ আছিল। তেওঁলোকে আজীৱন ইগৰাকীয়ে সিগৰাকীক ছাঁৰ দৰে সংগ দিছিল আৰু শেষ যাত্ৰাও একেলগেই সম্পন্ন কৰিলে। অন্তিম সংস্কাৰৰ সময়ত শ্মশানত এক অত্যন্ত আৱেগিক পৰিৱেশৰ সৃষ্টি হয় আৰু সমগ্ৰ গাঁওখনতে এক নীৰৱতাই বিৰাজ কৰে। তদুপৰি দুয়োগৰাকী মহিলাই ধৰ্মীয় প্ৰবৃত্তিৰ আৰু সৰল স্বভাৱৰ আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। তেওঁলোক সামাজিক কাম-কাজৰ লগতো সক্ৰিয়ভাৱে জড়িত আছিল। দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা এই অন্তিম সংস্কাৰ কাৰ্যত গাঁৱৰ শ শ লোক উপস্থিত থাকি অশ্ৰুসিক্ত নয়নেৰে দুই মৃত্যুক জয় কৰা বান্ধৱীক বিদায় জনায়। Share this:FacebookX Related Post navigation অযোধ্যাৰ ৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! কাশ্মীৰী মুছলমানক আটক, পিছত মুকলি দক্ষিণ কামৰূপত ভয়ংকৰ দুৰ্ঘটনা: ডাম্পাৰ বাগৰি মাতৃ-কন্যাৰ মৃত্যু