অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া বৰ্তমান চূড়ান্ত পর্যায়ত উপনীত হৈছে। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে দেওবাৰে জাৰি কৰা এক জাননী অনুসৰি, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, কৰ্তন, বা সংশোধনৰ বাবে আবেদন জনোৱাৰ অন্তিম তাৰিখ ২২ জানুৱাৰী ধাৰ্য কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, যোগ্য ভোটাৰসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত পদক্ষেপ ল’বলৈ আহ্বান জনোৱা হৈছে। ভোটার তালিকাত নাম ভৰ্তি কৰিবলৈ ইচ্ছুক নাগৰিকসকলে ‘ফৰ্ম-৬’ ব্যৱহাৰ কৰিব। লোকসকলৰ নাম কৰ্তন বা আপত্তি জনাবৰ বাবে ‘ফৰ্ম-৭’, আৰু নাম-ঠিকনা আদি সংশোধনৰ বাবে ‘ফৰ্ম-৮’ ব্যৱহাৰ কৰাৰ ব্যৱস্থা আছে। আবেদনকাৰীসকলে নিজ নিজ ভোটকেন্দ্ৰৰ বুথ লেভেল অফিচাৰ (BLO) অথবা নিৰ্বাচনী পঞ্জীয়কৰ সহায় লৈ অফলাইনযোগে আবেদন দাখিল কৰিব পাৰে। লগতে, ‘ECINET’ মোবাইল এপ্লিকেচন বা নিৰ্বাচন আয়োগৰ অফিচিয়েল পৰ্টেলৰ জৰিয়তে অনলাইনযোগে এই প্ৰক্ৰিয়া সম্পূর্ণ কৰাৰ সুবিধাও উপস্থাপন কৰা হৈছে। জাননীতে স্পষ্ট কৰা হৈছে যে, ভোটাৰে নিজ সমষ্টিত প্ৰয়োজনীয় সংখ্যক ‘ফৰ্ম-৭’ দাখিল কৰাৰ ক্ষেত্ৰত আইনী বাধা নাই। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নাগৰিকসকলক ড্ৰাফ্ট ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। সহায় বা স্পষ্টীকৰণৰ বাবে ভোটাৰসকলে নিকটতম বিএলঅ’ৰ সৈতে যোগাযোগ কৰাৰ লগতে টোল-ফ্ৰী হেল্পলাইন নম্বৰ ১৯৫০ ত ফোন কৰিও সহায় লাভ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *