ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ মহানায়কসকলৰ ত্যাগ আৰু অৱদানক জনমানসত সজীৱ কৰি ৰখাৰ লক্ষ্যৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নিৰ্মাণ কৰা হৈছে এক বিশাল স্মাৰক ক্ষেত্ৰ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নৱনিৰ্মিত ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’ আনুষ্ঠানিকভাৱে দেশবাসীৰ বাবে মুকলি কৰে। প্ৰায় ২৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ৬৬ একৰ ভূমিৰ কমপ্লেক্সটোৱে এতিয়াৰে পৰা দেশৰ নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ কেন্দ্ৰ হিচাপে কাম কৰিব।

প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে ড° শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৬৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ভাষণ প্ৰসংগত মোদীয়ে কয় যে বিজেপি চৰকাৰে কেৱল এটা পৰিয়ালৰ সলনি দেশৰ উন্নয়নত অৱদান থকা প্ৰতিগৰাকী নেতাৰ যোগ্য সন্মান জনোৱাত বিশ্বাস কৰে।

এই প্ৰকল্পটোৰ এক বিশেষত্ব হ’ল ইয়াৰ ৯৮,০০০ বৰ্গ ফুটত বিস্তৃত পদুম ফুলৰ আকৃতিৰ এটা অত্যাধুনিক সংগ্ৰহালয়। ইয়াত উন্নত ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে দৰ্শনাৰ্থীসকলক এক অনন্য শৈক্ষিক অভিজ্ঞতা প্ৰদান কৰা হ’ব। মন কৰিবলগীয়া যে যি ভূমিত আজি এই সুন্দৰ স্মাৰক গঢ়ি উঠিছে, তাত এসময়ত প্ৰায় ৩০ একৰ জুৰি আৱৰ্জনাৰ পাহাৰ আছিল।

প্ৰধানমন্ত্ৰীয়ে যোৱা তিনি বছৰত এই আৱৰ্জনা চাফা কৰি এক অনুপ্ৰেৰণাৰ স্থললৈ ৰূপান্তৰ কৰাৰ বাবে যোগী চৰকাৰ আৰু কৰ্মীসকলক প্ৰশংসা কৰে। ইয়াৰ উপৰিও তেওঁ জম্মু-কাশ্মীৰৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ প্ৰসংগ উল্লেখ কৰি ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ত্যাগক স্মৰণ কৰে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক বৰদিনৰ শুভেচ্ছা জনোৱাৰ লগতে ৰাজ্যখনৰ জনজাতীয় নেতা মহাৰাজ বিজলী পাছিকো শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে বাজপেয়ী আৰু মদন মোহন মালব্যৰ আদৰ্শই ভাৰতৰ গণতান্ত্ৰিক আৰু সাংস্কৃতিক ভেটি শক্তিশালী কৰি ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *