বাংলাদেশত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক অপসাৰণৰ আহ্বান জনোৱাৰ পিছতে বিচিচিআইয়ে শ্বাহৰুখ খানৰ আইপিএল দল কলকাতা নাইট ৰাইডাৰ্ছক দলৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিছে।বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কয় যে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে আইপিএলৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। যদি ফ্ৰেঞ্চাইজিয়ে সলনি খেলুৱৈৰ অনুৰোধ কৰে তেন্তে তেওঁলোকক অনুমতি দিয়া হ’ব। যোৱা ১৪ দিনত তিনিজন হিন্দু লোকক হত্যা কৰা বাংলাদেশত হিন্দুৰ বিৰুদ্ধে অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে ৰহমানে আই পি এলত অংশগ্ৰহণৰ বিৰোধিতা কৰিছে বহুৱে। ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬ আৰু ৩১ মে’ত লীগৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব। শিৱসেনাৰ নেতা সঞ্জয় নিৰুপমে কেকেআৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানক বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা অপসাৰণ কৰিবলৈ আহ্বান জনায়। নিৰুপমে কয় যে যেতিয়া সমগ্ৰ দেশ বাংলাদেশৰ ওপৰত ক্ষোভিত হৈ আছে, তেতিয়া আমি তেওঁক অনুৰোধ কৰোঁ যে সেই বাংলাদেশী খেলুৱৈজনক দলৰ পৰা আঁতৰাই দিয়ক। ইফালে শিৱসেনাৰ মুখপাত্ৰ আনন্দ ডুবেই কয় – বাংলাদেশী খেলুৱৈক ভাৰতৰ মাটিত আই পি এল খেলিবলৈ দিয়া উচিত নহয়। মুস্তাফিজুৰ ৰহমানৰ আই পি এলত অংশগ্ৰহণক লৈ বিতৰ্কৰ মাজতে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰে যে ভাৰতীয় ক্ৰিকেট দলটোৱে ছেপ্টেম্বৰ মাহত বাংলাদেশ ভ্ৰমণ কৰিব। এই শৃংখলাত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ’ব। শুকুৰবাৰে বিচিবিৰ ক্ৰিকেট অপাৰেচন ইনচাৰ্জ শ্বাহৰিয়াৰ নাফিছে ঘোষণা কৰে যে ভাৰতীয় দলটো ২৮ আগষ্টত বাংলাদেশত উপস্থিত হ’ব।১, ৩, আৰু ৬ ছেপ্টেম্বৰত এদিনীয়া খেল অনুষ্ঠিত হ’ব, আনহাতে ৯, ১২, আৰু ১৩ ছেপ্টেম্বৰত টি-২০ মেচ অনুষ্ঠিত হ’ব। Share this:FacebookX Related Post navigation টি-২০ বিশ্বকাপক লৈ অষ্ট্ৰেলিয়াৰ দল ঘোষণা ভাৰতত বাংলাদেশী খেলুৱৈৰ সুৰক্ষাৰক লৈ চিন্তিত বিচিবি