সাতমাইলৰ পৰা জালুকবাৰী সংযোগী গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ দাঁতিত থকা বহু হোটেলত দিনে নিশাই নিষিদ্ধ গো- মাংস গ্ৰাহকক বিক্ৰী কৰি অহা আৰু তেনে হোটেলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ দাবীত যোৱা জানুৱাৰী মাহত জালুকবাৰী নাগৰিক কমিটীয়ে জালুকবাৰী সম জিলাৰ আয়ুক্তক কাৰ্যালয়ত সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল । সেই স্মাৰক পত্ৰৰ ভিত্তিত সম জিলা আয়ুক্তই তেনে হোটেলৰ বিৰুদ্ধে অভিযান চলাবলৈ মহানগৰ আৰক্ষীৰ পশ্চিম গুৱাহাটী জিলাৰ উপ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছিল। সম জিলা আয়ুক্তৰ নিৰ্দেশনা অনুসৰি আজি দিনৰ ভাগত পশ্চিম গুৱাহাটী জিলাৰ উপ আৰক্ষী আয়ুক্তৰ নিৰ্দেশত জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত থকা হোটেল সমূহত দিনৰ ভাগত এক বিশেষ অভিযান চলায়। অভিযানকালত জান্নাত আহাৰ নামৰ হোটেলখনত গ্ৰাহকক বিক্ৰী কৰি থকা অৱস্থাত বুজন পৰিমাণৰ গো-মাংস জব্দ কৰাৰ লগতে হোটেলখনৰ মালিক জাহিদুল ইছলামক আটক কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই সোণতলী – টুপামাৰী হোটেল , আলী হোটেলকে ধৰি কেবাখনো হোটেলৰ মালিক – কৰ্মচাৰীসকলে তেওঁলোকৰ গো-মাংসসমুহ হোটেলৰ পাছফালে থকা পিটনিত পেলাই আত্মগোপন কৰিবলৈ সক্ষম হয়। আনহাতে জালুকবাৰী নাগৰিক কমিটীৰ সভাপতি অধীনত আব্দুল ছালাম আৰু সাধাৰণ সম্পাদক চাদিক আহমেদে আৰক্ষীৰ এই অভিযানক আদৰণি জনাইছে আৰু বাইপাছৰ দাঁতিৰ লগতে জালুকবাৰী সম জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ পৰা আৰম্ভ কৰি ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলৱে অভাৰব্ৰীজৰ সমীপলৈ থকা তেনে হোটেলসমূহত অভিযান চলাবলৈ দাবী জনাইছে। নাগৰিক কমিটীয়ে জানিবলৈ দিয়া মতে হোটেলৰ গৰাকীসকল বেছিভাগেই সন্দেহজনক লোক। তেওঁলোকৰ এই গো-মাংস বিক্ৰী কৰি অহা ঘটনাই বৃহত্তৰ অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰতি বিনষ্ট কৰি অহাৰ লগতে অঞ্চলটোত যুগ যুগ ধৰি বসবাস কৰি অহা খিলঞ্জীয়া মুছলমান লোকসকল স্বাভাবিকতে লজ্জিত হবলগীয়া হৈছে । আনহাতে জালুকবাৰী নাগৰিক কমিটীৰ সাধাৰণ সম্পাদক চাদিক আহমেদে জানিবলৈ দিয়া মতে গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ দাঁতিত থকা জান্নাত আহাৰৰ উপৰিও ৰাব্বানি হোটেল, মাদিনা হোটেল, ডাৱাট হোটেল , বিছমিল্লা হোটেল , ফাতেমা হোটেল, আলী হোটেল , মোষ্টাফা হোটেল , জাহিদুল হোটেল, চানিদুল হোটেল , সোণতলী টুপামাৰী হোটেল আৰু বাবু হোটেলত দিনে নিশাই গো-মাংস গ্ৰাহকক বিক্ৰী কৰি অহা হৈছে। Share this:FacebookX Related Post navigation ৩৪তম ডাউন টাউন ৰাজহুৱা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল