পূজাৰ বতৰত অসমবাসীৰ বাবে সুখবৰ । অৱশেষত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীৱ-জন্তুৰ বাধাহীন চলাচল সুনিশ্চিত কৰিবলৈ ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড কৰিড’ৰৰ বাবে বিত্তীয় অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ৷ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে কলিয়াবৰ-নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ ৮৫ কিলোমিটাৰ সম্প্ৰসাৰণত ।অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ ‘NH-715’ৰ কালিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণৰ বাবে বুধবাৰে অনুমোদন জনাইছে । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে নিৰ্মাণ হ’বলগীয়া ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ প্ৰকল্পৰো অনুমোদন দিছে । এই প্ৰকল্পই অসমৰ সংযোগ ব্যৱস্থাত এক নতুন মাত্ৰা যোগ কৰিব আৰু মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ এক নতুন নজিৰ স্থাপন কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *