বাৰিষাৰ আৰ্দ্ৰতা আৰু উষ্ণতাৰ তাপমাত্ৰাই যিহেতু ছিদ্ৰতা বন্ধ হোৱা, অতিৰিক্ত তৈলাক্ত হোৱা আৰু বিবিধ ছালৰ সমস্যাৰ সৃষ্টি কৰে, সেয়াহে আয়ুৰ্বেদ বিশেষজ্ঞসকলে এক গুৰুত্বপূৰ্ণ প্ৰতিকাৰ হিচাপে আহাৰৰ প্ৰতি মনোযোগ দিয়াৰ পৰামৰ্শ প্ৰদান কৰিছে।

আগশাৰীৰ আয়ুৰ্বেদ চিকিৎসকে ডাঃ মধুমিতা কৃষ্ণনে পৰামৰ্শ দিয়ে যে আপোনাৰ শৰীৰক শান্ত কৰি ৰাখিবলৈ আৰু ছালৰ সমস্যাসমূহ নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ বাৰিষাৰ আহাৰ সন্তুষ্টিদায়ক হোৱাৰ লগতে অন্তৰ্নিহিত বৈশিষ্ট্যৰে বাত আৰু পিত্ত দোষৰ ভাৰসাম্য বজাই ৰাখিব লাগে। ডাঃ মধুমিতা কৃষ্ণনে পুষ্টিকৰ আলমণ্ডৰ পৰা আৰম্ভ কৰি ত্ৰিদোষ ভাৰসাম্যতা থকা আমলখিলৈকে ৫ বিধ আয়ুৰ্বেদ ছুপাৰফুডৰ পৰামৰ্শ আগবঢ়াইছে, যাতে শালমইনা কম হয় আৰু ছালখন পৰিষ্কাৰ-উজ্বল হৈ থাকে।

আলমণ্ড

বাৰিষাৰ সময়ছোৱাৰ আহাৰত অতিৰিক্ত হিচাপে আলমণ্ডৰ সংযোগ সম্পূৰ্ণৰূপে সংগতি ৰাখে কিয়নো সাধাৰণভাৱে খালেও যথেষ্ট সোৱাদ আৰু গুণ পোৱা যায়।  এইবোৰে বাত আৰু পিত্ত দোষৰ ভাৰসাম্য বজাই ৰাখে বুলি জনা যায়। আলমণ্ডে ছালক ভিতৰৰ পৰা সমৃদ্ধ কৰিবলৈ অলপ তৈলাক্ত।  সেয়েহে, গোটেই বৰ্ষা ঋতুতে ভাৰসাম্য বজাই ৰখাৰ বাবে উপযুক্ত। ভাৰতত প্ৰচলিত আয়ুৰ্বেদ, সিদ্ধ আৰু উনানী গ্ৰন্থ অনুসৰি আলমণ্ড ছাল ভালে ৰখাৰ বাবে ভাল আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে। আলমণ্ড ৰাতিটো তিয়াই ৰাখিলে হজম হোৱাত সহায় কৰে আৰু গভীৰ ছালৰ পুষ্টি প্ৰদান কৰে।

গুৱাহাটী মহানগৰীত স্বাস্থ্য সচেতন গ্ৰাহকে কেলিফৰ্ণিয়া আলমণ্ড, হালধিৰ গুড়ি, সতেজ আমলখি আৰু নিমভিত্তিক পৰিপূৰকৰ অন্বেষণ গ্ৰাহকৰ মাজত বৃদ্ধি পাইছে, স্থানীয় ব্যৱসায়ীসকলে বাৰিষাৰ সময়ছোৱাত জৈৱিক আৰু কেঁচা সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱা বুলি জনাইছে। ডাঃ কৃষ্ণনে এই সিদ্ধান্তত উপনীত হৈছে যে সঠিক ছালৰ যত্নৰ সমান্তৰালভাৱে এনে ছুপাৰফুডসমূহ দৈনিক খাদ্য তালিকাত একত্ৰিত কৰিলে আৰ্দ্ৰ মাহকেইটাতো ছালখন উজ্বল, সুস্থ হৈ থকাটো নিশ্চিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *