মহানগৰীৰ বিলাসিতাৰ আঁৰত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এক তীব্ৰ অভিযান। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা এই বিশেষ অভিযানত ১৩ গৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে অপৰাধমূলক চক্ৰটোৰ কেইবাজনো সদস্যক জালত পেলাবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষী। মহানগৰ আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত শম্ভৱী মিশ্ৰাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, চান্দমাৰী, পল্টন বজাৰ, পানবজাৰ আৰু গীতানগৰ থানা এলেকাৰ পাঁচখনকৈ স্পা কেন্দ্ৰত এই যুটীয়া অভিযান চলোৱা হয়। আৰক্ষীৰ হাতত তথ্য আছিল যে একাংশ ইউনিচেক্স স্পাত থেৰাপিৰ নামত অবৈধ দেহ ব্যৱসায় চলাই থকা হৈছিল। অভিযানৰ সময়ত আৰক্ষীয়ে ১৩ গৰাকী মহিলাক উদ্ধাৰ কৰে, যিসকলক মালিকপক্ষই বলপূৰ্বকভাৱে এনে অনৈতিক কাৰ্যত লিপ্ত কৰাইছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এগৰাকী মহিলাসহ মুঠ ১০ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে, “এই সমগ্ৰ কাৰ্যকলাপৰ সৈতে জড়িত আন এগৰাকী মহিলা বৰ্তমান পলাতক হৈ আছে আৰু তেওঁক বিচাৰি অভিযান অব্যাহত ৰখা হৈছে।” গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। Share this:FacebookX Related Post navigation হিমন্ত বিশ্বক লক্ষ্য কৰি তীব্ৰ আক্রমণ — মৰাণত গৌৰৱ গগৈৰ গৰ্জন কংগ্ৰেছৰ ভিতৰত অশান্তি! ৰাহুল গান্ধীৰ ওপৰত ক্ষোভ, বৈঠক এৰি ওলাই গ’ল শশী থাৰুৰ