আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অহা ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। কেন্দ্ৰীয় নেতাগৰাকীয়ে ডিব্ৰুগড়ত এক বিশাল বুথ সন্মিলনত অংশ লোৱাৰ লগতে উজনি অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত এয়া তেওঁৰ প্ৰথম অসম ভ্ৰমণ। ভ্ৰমণসূচী অনুসৰি, ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত নীতিন নবীনে বাৰেকুৰিৰ বৰগাঁৱত অৱস্থিত ঐতিহাসিক বৰনামঘৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ গুইজানত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব। এই ভ্ৰমণে নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মকৰ্তাসকলক যথেষ্ট উৎসাহিত কৰিব বুলি বিজেপি নেতৃত্বই আশা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সভাপতিৰ আদৰণিৰ প্ৰস্তুতিৰ বুজ ল’বলৈ দেওবাৰে নিশা বাৰেকুৰি আৰু গুইজানত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। তেওঁৰ সৈতে প্ৰভাৰী হৰেশ দ্বিবেদী আৰু কেইবাগৰাকীও শীৰ্ষ নেতাই ভ্ৰমণ কৰিবলগীয়া স্থানসমূহ পৰ্যবেক্ষণ কৰে। শইকীয়াই কয় যে ৰাষ্ট্ৰীয় সভাপতিৰ আগমনে দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাত সহায় কৰিব। পৰ্যবেক্ষণ কালত দিলীপ শইকীয়াক সংগ দিয়ে ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, লক্ষ্য কোঁৱৰ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণে। নিৰ্বাচনী বতৰত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ ভ্ৰমণৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ এই অসম ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। Share this:FacebookX Related Post navigation অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ