ৰাজনীতিত যে কোনো চিৰস্থায়ী শত্ৰু বা মিত্ৰ নাথাকে, সেই কথা সাৰ্থক কৰি মহাৰাষ্ট্ৰৰ অকোলা জিলাত সৃষ্টি হৈছে এক বিৰল ৰাজনৈতিক সমীকৰণ। সম্পূৰ্ণ বিপৰীত মেৰুৰ দুই দল বিজেপি আৰু আছাদুদ্দিন ওৱেছীৰ এআইএমআইএম-এ (AIMIM) এতিয়া হাত মিলাইছে অকোলাৰ অকোট পৌৰ পৰিষদত। আদৰ্শগত সংঘাতক একাষৰীয়া কৰি ক্ষমতা দখলৰ বাবে এই দুই ধুৰ বিৰোধী দলৰ ‘ককটেলে’ বৰ্তমান সমগ্ৰ ৰাজ্যখনৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অকোট পৌৰ পৰিষদৰ শেহতীয়া নিৰ্বাচনত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ৩৫ খন আসনৰ ভিতৰত ৩৩ খনত হোৱা এই নিৰ্বাচনত ১১ খন আসনেৰে বিজেপি বৃহত্তম দল হিচাপে পৰিগণিত হয় যদিও ক্ষমতাৰ বাবে প্ৰয়োজনীয় সংখ্যা নাছিল দলটোৰ হাতত। এনে পৰিস্থিতিত বিজেপিৰ মায়া ধুলেয়ে নগৰাধ্যক্ষৰ পদ দখল কৰাৰ পিছত সদন চলাবলৈ ‘অকোট বিকাশ মঞ্চ’ নামৰ এক মহাজোট গঠন কৰে। জিলা দণ্ডাধীশৰ ওচৰত পঞ্জীয়ন কৰা এই বিচিত্ৰ মিত্ৰজোঁটত বিজেপি আৰু এআইএমআইএমৰ লগতে প্ৰহাৰ জনশক্তি পক্ষ, শিৱসেনাৰ দুয়োটা গোট আৰু এনচিপিৰ দুয়োটা গোটকো একেলগে দেখা গৈছে।

এই মিত্ৰতাৰ আটাইতকৈ আচৰিত দিশটো হ’ল বিজেপি আৰু এআইএমআইএমৰ সহাৱস্থান। যি সময়ত বিজেপিয়ে হিন্দুত্বৰ এজেণ্ডাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয়, সেই একে সময়তে ওৱেছীৰ দলে মুছলমান স্বাৰ্থৰ কথা কৈ বিজেপিৰ বিৰোধিতা কৰি আহে। কিন্তু অকোলাত ‘বিকাশ’ৰ দোহাই দি এতিয়া দুয়োটা দলৰ পতাকা একেলগে উৰিছে। ২৫ জন সদস্যৰ সমৰ্থন থকা এই নতুন মঞ্চই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, সেয়া হ’ব অতি লক্ষ্যণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *