অসমৰ আঞ্চলিক ৰাজনীতিৰ মজিয়াত এক শক্তিশালী ঐক্যবদ্ধ বিৰোধী শক্তি গঢ়ি তোলাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে এতিয়া আৰম্ভ কৰিছে বিশেষ তৎপৰতা। বৃহস্পতিবাৰে দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ কনভেনচন চেণ্টাৰত দলটোৱে আয়োজন কৰে এক ‘মহামিলন’ কাৰ্যসূচী। এই অনুষ্ঠানতে জ্যেষ্ঠ নেতা অজিত কুমাৰ ভূঞাৰ দল অসম জাতীয় দল আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ সৈতে চামিল হয়।

অনুষ্ঠানত ভাষণ দি জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে দাবী কৰে যে ৰাজ্যজুৰি এজেপিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন ক্ৰমান্বয়ে বৃদ্ধি পাইছে। হিতাধিকাৰীৰ ভোটক লৈ বিজেপিৰ যি আত্মবিশ্বাস, তাক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিলেই মানুহে অন্ধভাৱে শাসকীয় দলক ভোট নিদিয়ে। গোহাঁইৰ মতে, এইবাৰ হিতাধিকাৰীসকলেই বিজেপিৰ বিৰুদ্ধে থিয় দিব। আনকি বিজেপিৰ ভিতৰত থকা বহু লোকে বৰ্তমান গোপনে এজেপিৰ হৈ কাম কৰি থকা বুলিও তেওঁ এক বিস্ফোৰক দাবী কৰে।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া আক্ৰমণ কৰি অজিত কুমাৰ ভূঞাই কয় যে জনসাধাৰণ একগোট হ’লে মুখ্যমন্ত্ৰীৰ তথাকথিত ক্ষমতাৰ কোনো অস্তিত্ব নাথাকিব। মুখ্যমন্ত্ৰীগৰাকীক ইতিহাসৰ পৰা শিক্ষা ল’বলৈ পৰামৰ্শ দি তেওঁ কয় যে ক্ষমতাৰ অহংকাৰে সদায় পতন মাতি আনে। ভূঞাই হিতাধিকাৰীসকলক চৰকাৰী ধন গ্ৰহণ কৰিলেও নিজৰ বিবেক বিক্ৰী নকৰিবলৈ আহ্বান জনায়।

কংগ্ৰেছৰ প্ৰসংগ টানি আনি অজিত ভূঞাই উল্লেখ কৰে যে অতীত আৰু বৰ্তমান উভয় সময়তে বিজেপিৰ তুলনাত কংগ্ৰেছ বহু গুণে শ্ৰেষ্ঠ আছিল। বিৰোধী ঐক্যৰ ওপৰত গুৰুত্ব দি তেওঁ কয় যে যদি বিৰোধী শক্তি আগতেই একগোট হ’লহেঁতেন, তেন্তে বিজেপি আজি ক্ষমতাত নাথাকিলহেঁতেন। তেওঁ লগতে কংগ্ৰেছক বিৰোধী মিত্ৰজোঁটত ‘ডাঙৰ ককাই’ৰ দৰে আচৰণ নকৰিবলৈও সঁকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *