আধুনিক প্ৰযুক্তিৰ অপপ্ৰয়োগ কৰি দেশৰ উচ্চ সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকলৰ ভাবমূৰ্তি ম্লান কৰিবলৈ চলোৱা এক ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিহাৰ আৰক্ষীয়ে। কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুৱা ভিডিঅ’ তথা অডিঅ’ ক্লিপ প্ৰস্তুত কৰি সামাজিক মাধ্যমত বিয়পাই দিয়াৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মুজাফ্ফৰপুৰ জিলাৰ ভগৱানপুৰ বোচাহা নিবাসী প্ৰমোদ কুমাৰ ৰাজ নামৰ এই ব্যক্তিজনে ডিপফেক প্ৰযুক্তিৰে দেশৰ শীৰ্ষ নেতৃত্বৰ কণ্ঠস্বৰ আৰু ছবি বিকৃত কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল। ঘটনাৰ সংবেদনশীলতালৈ লক্ষ্য কৰি মুজাফ্ফৰপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত চাইবাৰ আৰক্ষীৰ এক বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, যোৱা ২ জানুৱাৰীত সামাজিক মাধ্যমত এই আপত্তিজনক ভিডিঅ’সমূহ বিয়পি পৰাৰ খবৰ লাভ কৰাৰ পাছতে অভিযান চলাই অভিযুক্ত প্ৰমোদ কুমাৰক আটক কৰা হয়। উল্লেখযোগ্য যে, অভিযুক্তজন প্ৰশান্ত কিশোৰ নেতৃত্বাধীন জন সুৰাজ পাৰ্টিৰ ছচিয়েল মিডিয়া চেলৰ সৈতে জড়িত থকাৰ লগতে যোৱা বিধানসভা নিৰ্বাচনতো দলটোৰ হৈ কাম কৰিছিল। আৰক্ষীয়ে তেওঁৰ পৰা এটা ম’বাইল ফোনো জব্দ কৰিছে, যিটো এই অপৰাধত ব্যৱহাৰ কৰা হৈছিল। ইফালে, আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে লোকসভা বা আন নিৰ্বাচনৰ পূৰ্বে দেশত বিশৃংখলা সৃষ্টি কৰা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি অবিশ্বাস গঢ়ি তোলাৰ লক্ষ্যৰেই এনে ভুৱা সমল প্ৰস্তুত কৰা হৈছিল। এই ঘটনাৰ আঁৰত কোনো ৰাষ্ট্ৰবিৰোধী শক্তিৰ হাত আছে নেকি, সেই দিশটোও এতিয়া তদন্তৰ আওতালৈ অনা হৈছে। Share this:FacebookX Related Post navigation ধৰ্মস্থানৰ গম্বুজত উঠি সুৰাপায়ীৰ তাণ্ডৱ! কোৱাৰ্টাৰ বটল মদ বিচাৰি হাৰাশাস্তি চৰকাৰী যোগানৰ বিষাক্ত পানী সেৱন কৰি ১৬ জনৰ মৃত্যু! প্ৰশাসনৰ গাফিলতিৰ বলি হ’ল শতাধিক লোক