স্বাস্থ্য, সুৰক্ষা আৰু ব্যক্তিগত শৈলীৰ মাজেৰে সংযুক্ত ডিভাইচ পৰ্টফলিঅ’ শক্তিশালী কৰাৰ লক্ষ্যৰে এআই + স্মাৰ্টফোন-এ মঙলবাৰে উন্মোচন কৰিলে  নতুন স্মাৰ্টৱাশ্ব ‘নোভাৱাশ্ব’। ২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত দেশজুৰি মুকলি হ’বলগীয়া এই ছিৰিজে এক সংযুক্ত প্ৰজন্মৰ বাবে ফেশ্বন-ফৰৱাৰ্ড ডিজাইনৰ সৈতে ব্যৱহাৰিক উপযোগিতা মিশ্ৰণ কৰাৰ বাবে ব্ৰেণ্ডটোৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে।

নোভাৱাশ্ব ৰেঞ্জত আছে এক্টিভ, ৱেয়াৰবাডছ, কিডছ জিঅ’ ফেন্সিং ৪জি ৱাশ্ব আৰু এটা ৰোটেট(ঘূৰ্ণনশীল) কেমেৰাৰ সৈতে উদ্যোগৰ প্ৰথম ৰোটেটকেম ৪জি এলটিই ৱাশ্ব। প্ৰতিটো মডেল নিৰ্দিষ্ট ব্যৱহাৰৰ ক্ষেত্ৰৰ বাবে ডিজাইন কৰা হৈছে, যিয়ে দৈনন্দিন স্বাস্থ্য অনুসৰণ, পৰিয়ালৰ সুৰক্ষা আৰু ষ্টাইল-কেন্দ্ৰিক ব্যক্তিগত প্ৰকাশক সামৰি লৈছে। এক্টিভে ব্যৱহাৰ কৰাত সহজ ফৰ্মেটত প্ৰয়োজনীয় সুস্থতা পৰিমাপত গুৰুত্ব দিয়াৰ লগতে ৱেৰবাডছে বিল্ট-ইন ব্লুটুথ ইয়েৰফোনৰ সৈতে এটা স্মাৰ্টৱাশ্ব সংযুক্ত কৰিছে, যাৰ ফলত একাধিক ডিভাইচৰ প্ৰয়োজনীয়তা নোহোৱা হয়। কিডছ জিঅ’ ফেন্সিং ৱাশ্বে সৰল সংযোগৰ জৰিয়তে শিশুৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে, আনহাতে ৰোটেটকেমে বলিষ্ঠ ডিজাইন আৰু দৃশ্যমান কাৰ্যক্ষমতা বিচৰা ক্ৰিয়েটৰ-কেন্দ্ৰিক ব্যৱহাৰকাৰীক লক্ষ্য কৰে।

এআই + স্মাৰ্টফোনৰ চিইঅ’ তথা নেক্সটকোৱাণ্টাম শ্বিফ্ট টেকন’লজীৰ প্ৰতিষ্ঠাপক মাধৱ শেথে এই বিষয়ে সদৰি কৰি কয় যে, এই সূচী কেৱল প্ৰযুক্তিৰ ওপৰতে গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বাস্তৱ-জীৱনৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ডিজাইন কৰা হৈছে, যিয়ে আৰাম, প্ৰাসংগিকতা আৰু দৃশ্যমান শৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চহৰখনৰ প্ৰযুক্তি-সচেতন যুৱক-যুৱতীসকল আৰু শিশু সুৰক্ষা সঁজুলিৰ প্ৰতি বৰ্ধিত আগ্ৰহেৰে নোভাৱাশ্বে চহৰৰ গ্ৰাহক আৰু পৰিয়ালসমূহৰ মাজত একেধৰণে আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *