২০০৯ চনৰ জানুৱাৰী মাহত দেশত আধাৰ কাৰ্ড কাৰ্যকৰী কৰা হৈছিল।প্ৰতিজন নাগৰিকক আধাৰ নম্বৰ প্ৰদান কৰাৰ ১৫ বছৰ হ’ল। এই সময়ছোৱাত ১.৪২ কোটিতকৈ অধিক আধাৰ কাৰ্ড জাৰি কৰা হৈছিল যদিও ৮ কোটিতকৈ অধিক আধাৰ কাৰ্ডধাৰীৰ মৃত্যুৰ পিছতো মাত্ৰ ১.৮৩ কোটি কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে। প্ৰায় ৬ কোটি মৃত ব্যক্তিৰ আধাৰ সংখ্যা এতিয়াও সক্ৰিয় হৈ আছে। পশ্চিম বংগত প্ৰায় ৩৪ লাখ আধাৰ কাৰ্ডধাৰীৰ মৃত্যু হৈছে। অৱশ্যে তেওঁলোকৰ আধাৰ কাৰ্ড এতিয়াও সক্ৰিয় হৈ আছে। ইয়াৰ ফলত বেংকৰ জালিয়াতি, ভুৱা একাউণ্ট, চৰকাৰী আঁচনিৰ অধীনত সুবিধাৰ অপব্যৱহাৰ আদিৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি (ইউআইডিএআই)ৰ চিইঅ’ ভুৱনেশ কুমাৰৰ মতে, ইউআইডিএআইয়ে এই পৰ্যন্ত ভাৰতৰ মহাপঞ্জীয়ক (আৰজিআই)ৰ পৰা ১.৫৫ কোটি মৃত ব্যক্তিৰ তথ্য লাভ কৰিছে। ২০২৪ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত আৰু ৩৮ লাখ মৃত ব্যক্তিক এই তালিকাত যোগ কৰা হয়। ইয়াৰে ১ কোটি ১৭ লাখ ব্যক্তিৰ পৰিচয় নিশ্চিত হোৱাৰ লগতে আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে। ডিচেম্বৰৰ ভিতৰত ২ কোটি কাৰ্ড নিষ্ক্ৰিয় কৰা হ’ব বুলি কৰ্তৃপক্ষই অনুমান কৰিছে। ইউআইডিএআইয়ে চাৰিমাহ পূৰ্বে নিজৰ ৱেবছাইটত মৃত্যুৰ তথ্য পৰ্টেল মুকলি কৰিছিল যাতে পৰিয়ালৰ লোকে মৃতকৰ আধাৰ নম্বৰ অনলাইনত নিষ্ক্ৰিয় কৰিব পাৰে। Share this:FacebookX Related Post navigation প্ৰথম বাৰৰ বাবে ভাৰতত উপস্থিত হৈছে আ’য়াৰিছ পপ-ৰক ব্ৰেণ্ড “দ্য স্ক্ৰিপ্ট ধাৰাপুৰত কৃষকৰ মাজত বিনামূলীয়াকৈ বীজ বিতৰণ