গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, এই যুদ্ধত এতিয়ালৈকে ৫০,০২১ জন পেলেষ্টাইনী নিহত হোৱাৰ বিপৰীতে ১ লাখ ১৩ হাজাৰৰো অধিক লোক আহত হৈছে। ইয়াৰ ভিতৰত মঙলবাৰে ইজৰাইলৰ বোমা বিস্ফোৰণৰ পিছত ৬৭৩ জন লোকৰ মৃত্যুও অন্তৰ্ভুক্ত।পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ইজৰাইলৰ নতুন বিমান আক্ৰমণত নিশাটোৰ ভিতৰতে কমেও ২৬ জন পেলেষ্টাইনী নিহত হৈছে। য’ত হামাছৰ এগৰাকী ৰাজনৈতিক নেতা আৰু কেইবাগৰাকীও মহিলা আৰু শিশু অন্তৰ্ভুক্ত আছে।বিগত সপ্তাহত ইজৰাইলে হঠাৎ চলোৱা আক্ৰমণে যুদ্ধবিৰতিৰ সম্ভাৱনাক অন্ত পেলাইছিল। শেহতীয়া আক্ৰমণত শ শ লোকৰ মৃত্যু হৈছে, আৰু ইয়াৰ ফলত উত্তৰ গাজাত স্থলভাগত আক্ৰমণ আৰম্ভ হৈছে। তেওঁলোকে সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছে বুলি দাবী কৰা হৈছে।এই যুদ্ধত এতিয়ালৈকে ৫০,০২১ জন পেলেষ্টাইনী নিহত হোৱাৰ বিপৰীতে ১ লাখ ১৩ হাজাৰৰো অধিক লোক আহত হৈছে। ইয়াৰ ভিতৰত মঙলবাৰে ইজৰাইলৰ বোমা বিস্ফোৰণৰ পিছত ৬৭৩ জন লোকৰ মৃত্যুও অন্তৰ্ভুক্ত। এই আক্ৰমণৰ পিছত যুদ্ধবিৰতিৰ সম্ভাৱনা শেষ হয়। Share this:FacebookX Related Post navigation ভাৰতত সৌৰ শক্তি ব্যৱহাৰৰ প্ৰসাৰৰ বাবে একত্ৰিত হৈছে ৰাজস্থান ৰয়েলছ আৰু লুমিনাছ পাৱাৰ টেকন’লজিছ আইআইএমএআৰু গড্ৰেজ ডিইআই লেবৰ সহযোগত গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ এক নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে